এদিন মোৰ আকাশত
জোনে হাঁহিছিল
সেইদিনা আকাশখনৰ
উদাসী চাৱনিত নিশেষ
হৈ পৰিছিল আধাসজা
এটি চাংঘৰ সপোনৰ !
মাথো একেই আছিল
তৰাদেশৰ সাধু বোৰ ,
সন্ধিয়াৰ শেৱালীৰ লঠঙা
ডালবোৰ ভাগি গৈছিল
বতাহৰ হেঁচাত
নিঠৰ হৈ চাইছিলো
মাত্ৰ এবাৰেই তুমি
নোহোৱা পৰত ।
© সঞ্জীৱ বৰুৱা