Lamborghini Huracán LP 610-4 t
Assam E-News Network (ænn)

মুখ্য পৃষ্ঠা

# মেটেকা ফুলৰ দৰে

স্তব্ধ হৈ গ'ল বুকুৰ স্পন্দন
সোৱঁৰণীৰ বাটত
এতিয়া বিচাৰো
এৰি অহা খোজৰ ছবি !
য'ত আছিল জীয়াই থকাৰ প্ৰতিশ্ৰুতি
সপোন আহে মাথো
ঠুনুকা দাপোণৰ দৰে ।
ৰৈ যায় ভগ্ন প্ৰাচীৰ
কেৱল ,
পাহাৰ বগাই নামি অহা
সূৰুযে চিনাকী দিয়ে
তাৰেই স্মৃতি বুলি ।
আকুলতাত মুগ্ধ হয়
তিৰবিৰ জোনাকী ,
কুঁৱলী ফালি পৰেহি চোতালত
এটি এটি জীয়াই থকাৰ প্ৰতিশ্ৰুতি ।
মেটেকা ফুলৰ দৰে
ফুলি ৰয় দিবাস্বপ্ন ।
ৰূপোৱালী হয় বুকুৰ পুখুৰীত
জ্বলি গ'ল এখনি মোৰ
প্ৰেমৰ ছবি ।
পাহৰণিৰ বুকুত হেৰাল
মৌমিঠা মৰমৰ সুৰভি ।
দুৰ্ভাগ্যই নিমন্ত্ৰণ দিলে
এটি নিতুল অশ্ৰুৰ ৰাতি ।
মাথো দুখৰ কালিমা সানি
বৈ যায় এজাক চকুলো
মেটেকাৰ ফুলৰ দৰে ।

© ৰাজু কলিতা , লক্ষীমপুৰ

Back to posts
Comments:

Post a comment