''দুপৰৰ হেলনীয়া বেলিৰ উমলৈ,
কিৰিলি পাৰি উভতিবৰ হ'ল
ক্লান্ত বগলী জাক ।
সন্ধ্যা ৰাণীৰ আচলৰ
বা লাগি উৰি আহা এমুঠি ধুলিত
আত্মহাৰ শৈশৱ।
ঘৰ মূৱা গৰুৰ ডিঙিৰ
টিলিঙা শব্দ, আৰু বৰ নামঘৰৰ দবাকোব
এয়াইতো মোৰ গাওঁৰ
ঠিকনা ।
আহিবা বন্ধু, আহিবা, মোৰ
অপেক্ষা তোমালৈ,
চিনিযোৱাহি সোণোৱালী ধাননীৰ সুৰ,
কৃষি আৰু কৃষক,
তুমি ধন্য,
তুমি ধন্য, মোৰ জননী ।
তোমাৰ কোঁচতে গজে সোণ গুটিবোৰ,
চাই জাবাহি বন্ধু,
সোণাৰু ফুলা, শেৱালী শৰা, মোৰ চিকুন গাওঁখন ।
© দেৱজিত হালৈ