80s toys - Atari. I still have
Assam E-News Network (ænn)

মুখ্য পৃষ্ঠা

নাৱৰীয়া

নাৱৰীয়া ©সঞ্জীৱ বৰুৱা ______________________________ নাও মেলিছো আজি ভটিয়নি সোতত এখন নেদেখা পৃথিৱীৰ সন্ধানত ! আজীৱন তোমাৰেই হৈ থকাৰ প্ৰতিশ্ৰুতিবোৰ পকনীয়াৰ সোতত এৰি দিব পাৰি জানো ? বঠাহীন নাৱৰীয়া নাছিলো কোনোদিন চলাব পাৰো টুলুঙা নাও তথাপি ঘাটত অগনণ যাত্ৰীৰ অপেক্ষাৰত । কিয় এনে হ'ল এনে হোৱাৰ কথাটো তুমি দিয়া নাছিলা টিপচাকিৰ পোহৰত জোনাকী পৰুৱা জিলিকিব পাৰে জানো কেতিয়াবা ! বাট চাম দিনটোলে প্ৰথম মোৰ নাওত খোজ পেলোৱা দিনটোলৈ ।

Back to posts
Comments:

Post a comment