অনুভৱৰ এজাক বৰষুণ
® সঞ্জীৱ বৰুৱা ( জু তাঙ)
কালি এজাক বৰষুণত তিতিছিলো
সেইজাক বৰষুণত
য'ত আছিল শূন্যতাৰ অৱষাদৰ
বহুতো সেউজীয়া চামনি ৷
সৰুতেই আইয়ে কৈছিল
শিলৰো হেনো চকু পানী ওলাই,
ক' তা মই চোন শিল হ'লো, ,
আৰু চকুৰ পানী ? ??
মৰিচীকাৰ সন্ধানত হেঙুলীয়া সপোন,
ডাৱৰৰ ফাঁকে ফাঁকে ভাঁহি ৰয়
কোনোবা শৈশৱৰ
নিচুকণি গীতৰ বহুতো
জোনাকৰ টুকুৰা ৷
ক্ৰমশঃ শব্দৰ পৰা প্ৰতিশব্দলৈ
বৰষুণৰ এজাক গ্লেচিয়াৰ
য'ত শুনিম লানি নিচিগা
শৈশৱৰ ধেমালীৰ
আমনি নলগা শব্দৰ টুকুৰা ৷