নৈখন —শব্দহীনতাৰ পৰা নৈশব্দলৈ
ණসঞ্জীৱ বৰুৱা
কোন আছিল সেইয়া.....নৈখনৰ সিপাৰৰ বলুকাত এজাক জোনাক বিচৰা সপোন......শব্দহীনতাৰ পৰা নৈশব্দলৈ.....মোক অলপ উশাহ দিয়া.....বিনিময়ত মোৰ বাহিৰে সকলো বিচাৰিব পাৰা.....আবেলিৰ গান...বৰষুণৰ কবিতা.....অথবা গেঁৰ দিয়া আঘোণীৰ সেই মৰমৰ পেপাটি........
নৈখনৰ......এইপাৰে বিন্দুৰ পৰা বিন্দুলৈ......শূন্যৰ পৰা শূন্যতালৈ.....সকলো এটি সংহতিৰ উপমা.....ৰিক্ত.....ৰিঙিয়াই মাথো.....আমাৰে মইনাই শুব এ.....বাৰীতে বগৰী পকি সৰিব.......সেইদিন আৰু এইদিনৰ মাজত......এখন বৃহৎ দেৱাল.....য'ত কেৱল হেঙুলীয়া আবেলিৰ সমাধি......
ইয়াতে এজোপা হেলেচ আছিল.......যিদিনা মোৰ কাষত সকলো আছিল.....এতিয়া পাৎকাই দেশৰ সন্ধানত....জীৱনৰ মালিতা.....আশা...প্ৰত্যাশা.....আৰু প্ৰাপ্তি.....তুমি যিদিনা উলটি আহিবা.....ভটিয়নী নাও বাই মই আহিম...দূৰ দেশৰ আলহী হৈ .......মায়াময় জোনাকত আমি সাধু শুনিম..... আইতাৰ দেশৰ ৷